ভিজুৱেলএডিটৰ/বাৰ্তাপত্ৰ/২০১৫/আগষ্ট

This page is a translated version of the page VisualEditor/Newsletter/2015/August and the translation is 100% complete.

অন্য ভাষাত পঢ়কএই বহুভাষিক বাৰ্তাপত্ৰৰ গ্ৰাহক তালিকা

ভিজুৱেলএডিটৰ

আপুনি জানেনে?

মাত্ৰ এটা সামান্য টোকৰতে আপুনি এটা শিৰোনাম বা খণ্ডবাক্যৰ আগে পাছে বিৰাম চিহ্ন যোগ কৰিব পাৰে।

প্ৰয়োজনীয় পাঠখিনি চয়ন কৰক। বিশেষ চিহ্ন অন্তৰ্ভূক্তিকৰণ সঁজুলিৰ পৰা সঠিক বিৰাম চিহ্ন বিচাৰক (ইয়াত Ωক চিহ্নিত কৰা হৈছে)।

পৰ্দাচিত্ৰত বিশেষ চিহ্নৰ সঁজুলি, চয়নিত পাঠ, আৰু সংযোগ কৰিবলগীয়া বিশেষ চিহ্নটো প্ৰদৰ্শন কৰা হৈছে


বুটাম টিপক। আপুনি চয়ন কৰা পাঠ্যৰ দুয়োকাষে ভিজুৱেলএডিটৰে বিৰাম চিহ্নটো সংযোগ কৰিব।

পৰ্দাচিত্ৰত বিশেষ চিহ্নৰ সঁজুলি আৰু বিশেষ চিহ্ন যোগ কৰা চয়নিত পাঠ্য দেখুওৱা হৈছে।


ভিজুৱেলএডিটৰ ব্যৱহাৰৰ অধিক তথ্যৰ বাবে আপুনি সহায়িকা পঢ়িব পাৰে নাইবা অনুবাদত সহায় কৰিব পাৰে।

যোৱা বাৰ্তাপত্ৰৰ পাছৰে পৰা, সম্পাদক মণ্ডলী মবাইল ফোন সমৰ্থন কাৰ্যত লাগি আছে। তেওঁলোকে বহু সমস্যা সমাধান কৰিছে আৰু ভাষাৰ সমৰ্থতাৰ উন্নতি সাধন কৰিছে। তেওঁলোকে mediawiki.org ত সাপ্তাহিক স্থিতিৰ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁলোকৰ কাৰ্যফলক ফেব্ৰিকেটৰত উপলব্ধ। তেওঁলোকে বৰ্তমান ভাষাৰ সমৰ্থতাৰ বিকাশ আৰু মবাইল ফোনত কাৰ্যকৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে।

ৱিকিমেনিয়া

দলটোৱে মেক্সিক চহৰত হোৱা ৱিকিমেনিয়া ২০১৫ত উপস্থিত আছিল। তাত তেওঁলোকে Hackathonত অংশগ্ৰহণ কৰিছিল আৰু বিভিন্ন সদস্য আৰু সদস্য গোটৰ সৈতে মতবিনিময় কৰিছিল। তেওঁলোকে ভিজুৱেলএডিটৰ আৰু সম্পাদনাৰ ভৱিষ্যত সম্পৰ্কে বহুকেইটা প্ৰদৰ্শনো কৰিছিল।

এই ৱিকিমেনিয়াৰ, ভজুৱেলএডিটৰ ২০১৫ সামূহিকঅনুবাদৰ বিজয়ী সকলৰ নাম ঘোষণা কৰা হ'ল। Halan-tul, Renessaince, जनक राज भट्ट (Janak Bhatta), Vahe Gharakhanyan, Warrakkk, আৰু Eduardogobiলৈ ধন্যবাদ আৰু অভিনন্দন জনালোঁ।

ইণ্টাৰফেচ বাৰ্তাৰ বাবে (translatewiki.netত অনুবাদিত), ৪২টা ভাষাত প্ৰাথমিকভাৱে প্ৰভাৱ পৰিছিল। সকলো ভাষাৰ গড় অগ্ৰগতি অনুবাদৰ আগত ৫৬.৫%, আৰু পাছত ৭৮.২% (+২১.৭%)। বিশেষভাৱে, ছাখাই ১২.২%ৰ পৰা ৯৪.২%লৈ উন্নতি কৰে; ব্ৰাজিলিয়ান পৰ্তুগীজ ৫০.৬%ৰ পৰা ১০০%লৈ; টাৰাস্কিভিকা ৪৪.৯%ৰ পৰা ৮৫.৩%লৈ; ড'টেলি ১.৩%ৰ পৰা ৪১.২%লৈ অগ্ৰগতি লাভ কৰে। ইয়াৰোপৰি অনুবাদৰ আগত সকলো ভাষাৰে বাৰ্তাবোৰৰ ১.৭%ৰ ম্যাদ ওকলি গৈছিল, শেহতীয়াকৈ ই ০.৮% (-০.৯%)লৈ অৱনমিত হৈছে।

ডকুমেণ্টেচন বাৰ্তা (mediawiki.orgত)ৰ বাবে, ২৪ টা ভাষা প্ৰভাৱিত হোৱা দেখা গৈছে। অনুবাদৰ আগত সকলো ভাষাৰে গড় অগ্ৰগতি আছিল ২৬.৬%, অনুবাদৰ পাছত হয়গৈ ৪৬.৯% (+২০.৩%)। ইয়াত তিনিটা ভাষাৰ উল্লেখনীয় সফলতা দেখা গৈছে। আমেৰিকানে ১%ৰ পৰা ৯৯%লৈ; ছুইডিছে, ২১%ৰ পৰা ৯৯%লৈ, আৰু ব্ৰাজিলিয়ান পৰ্তুগীজে ৩৪%ৰ পৰা ৮৩%লৈ অগ্ৰগতি লাভ কৰে। সকলো ভাষাৰে ম্যাদ ওকলা বাৰ্তা ৮.৪%ৰ পৰা ৪.৮%লৈ অৱনমিত হয় (-৩.৬%)।

সমজুৱা অনুবাদ পৃষ্ঠাত কাৰ্যক্ৰমটোৰ প্ৰভাৱ প্ৰদৰ্শন কৰি আমি কিছুমান গ্ৰাফ প্ৰকাশ কৰিছোঁ। সকলো যোগদানকাৰীকে ধন্যবাদ জনালোঁ আৰু translatewiki.net ৰ কৰ্মীবৃন্দকো ধন্যবাদ জনালো।

শেহতীয়া উন্নতিবোৰ

প্ৰতি ৱিকিপিডিয়াত উদ্ধিতিৰ স্বংয়-পূৰ্ণ বৈশিষ্ট উপলব্ধ কৰিব পৰা হব। এই সঁজুলিটোৱে এটা URL বা DOIক পূৰ্ৱ-পূৰ্ণ, পূৰ্ৱ-সম্পাদিত গ্ৰান্থিক উদ্ধিতিলৈ পৰিবৰ্তনৰ বাবে citoid serviceৰ ব্যৱহাৰ কৰে। আপুনি, mediawiki.orgত এটা ক্ষীপ্ৰ আৰু সৰল পদ্ধতিৰ GIF এনিমেচন চাব পাৰে। এতিয়ালৈকে, বহু ৱিকিপিডিয়ানে স্বয়ং-উদ্ধিতিকৰণ সজূলি সক্ৰিয় কৰিছে। আপোনাৰ ৱিকিতো উপলব্ধ কৰিবলৈ, mediawiki.orgৰ সহায়িকা অনুসৰণ কৰিব পাৰিব।

আপোনাৰ ৱিকিত ভিজুৱেল এডিটৰৰ বিশেষ চিহ্ন অন্তৰ্ভূক্তি প্ৰথম অনুচ্ছেদটো সজাই লব পাৰে। আপোনাৰ পচন্দৰ চিহ্ন শীৰ্ষত স্থাপনৰ বাবে mediawiki.orgৰ সহায়িকা পঢ়িব পাৰে।

অন্যান্য সালসলনি, যদি আপুনি এটা CAPTCHA পূৰ কৰিব বিতাৰে আৰু ইয়াক ভুল দেখিছে, তেন্তে নতুন এটা সম্পূৰ্ণ কৰিবলৈ ক্লিক কৰক। এতিয়া ভিজুৱেল এডিটৰে ভেগা-ভিত্তিক গ্ৰাফ প্ৰদৰ্শিত আৰু সম্পাদিত কৰে। যদি আপুনি ম'নবুক স্কীণ ব্যৱহাৰ কৰে, অন্য চফ্টৱেৰৰ সৈতে ভিজুৱেল এডিটৰক অধিক সুস্থিৰকৈ পাব।

ভৱিষ্যত পৰিবৰ্তন

এই দলটোৱে ভিজুৱেল এডিটৰৰ নিৰ্বাচিত সংযোগৰ প্ৰদৰ্শন সলনি কৰি আছে। ই লিংকৰ প্ৰদৰ্শন সহজ কৰি তুলিছে। আপুনি কোনো লিংক (পৃষ্ঠাত দেখা শব্দবোৰ) বা সংযোগ চয়ন কৰিলে, ই এটা ফেইণ্ট বাকচৰ ৰূপত প্ৰদৰ্শিত হয়। যদি আপুনি কাৰচ'ডাল বাকছৰ ভিতৰত স্থাপন কৰে, তেন্তে লিংক লেবেলৰ আপুনি কৰা সালসলনিবোৰ লিংকত অংশ হৈ পৰিব। বাকছৰ বাহিৰত থলে নহ'ব। ই লিংকত কেতিয়া চিহ্ন যোগ কৰিব লাগে আৰু কেতিয়া নেলাগে সেইটো জনা সহজ কৰি তোলে।

ইংৰাজী ৱিকিপিডিয়াৰ, নতুনকৈ সৃষ্ট একাউণ্ট ১০%ই বৰ্তমান ভিজুৱেল এডিটৰ আৰু ৱিকিপাঠ সম্পাদক দুয়োটা ব্যৱহাৰ কৰে। এটা শেহতীয়া নিয়ন্ত্ৰিত ট্ৰাইলে দেখুৱাই যে, হস্ৰ কালীন নতুন ব্যৱহাৰ কাৰীৰ স্থিতিশীলতা আৰু উৎপাদনশীলতাৰ কোনো পাৰ্থক্য নাই। ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰা নতুন সম্পাদনাবোৰ অতি কম সংখ্যকহে আগৰ অৱস্থালৈ নিব লগা হৈছে। ইয়াৰ বিষয়ে অধিক জানিবলৈ জুলাই ২০১৫ ৱিকিমিডিয়া ৰিচাৰ্চ শ্ব'কেছৰ এটা ভিডিঅ' চাব পাৰে। দুয়োটা সম্পাদনা পৰিৱেশৰ ব্যৱহাৰৰ অনুপাত সময়ৰ লগে লগে লাহে লাহে উন্নত হ'ব। যিকোনো সমষতেই সকলো নতুন সদস্যই নিজৰ পচন্দ অনুহৰি দুয়োটা পৰিৱেশৰ যিকোনো এটা নিৰ্বাচন কৰিব পাৰিব।

আহক একেলগে কাম কৰোঁ

  • mw:VisualEditor/Feedbackত আপোনাৰ বিচাৰ আৰু প্ৰশ্ন ভাগবতৰা কৰক। এই feedback পৃষ্ঠাত বৰ্তমান LiquidThreadsৰ সলনি Flow ব্যৱহৃত হয়।
  • আপুনি কোৰিয়ান বা জাপানিজত পঢ়িব বা লিখিব জানেনে? কিছুমান ভাষা টাইপ কৰোঁতে কোনে কি সজূলি ব্যৱহাৰ কৰে, ভাষা অভিযন্তা ডেভিদ চানে জানিব বিচাৰিছে।যদি আপুনি কোৰিয়ান বা জাপানিজ কব পাৰে, তেন্তে এই ভাষাৰ অভীক্ষাত সহায় কৰিব পাৰে। অনুগ্ৰহ কৰি সহায়ৰ বাবে mediawiki.orgৰ সহায়কা চাওক।
  • যদি আপোনাৰ ৱিকি VisualEditor enabled on another namespace, আপুনি Phabricatorত এটা অনুৰোধ দাখিল কৰিব পাৰে। অনুগ্ৰহ কৰি অনুৰোধ কৰা সালসলনিৰ সমজূৱা আলোচনাৰ বাবে এটা লিংক সলগ্ন কৰিব।
  • অনুগ্ৰহ কৰি Phabricatorত language-appropriateৰ বাবে "Bold" আৰু ডিজাইন মেনুৰ বাবে "Italic" আইকন অনুৰোধ কৰক।
  • প্ৰকৃত সম্পাদকসকলে কেনেদৰে কাম কৰে সেইটো ডিজাইন ৰিচাৰ্চ টিমে জানিব বিচাৰে। অনুগ্ৰহ কৰি তেঁওলোকৰ ৰিচাৰ্চ কাৰ্যসূচিৰ খাতিৰত যোগদান কৰক
  • স্বেচ্ছাসেৱকৰ মাজত সাপ্তাহিক task triage সভা অনুস্থিত কৰা হয়, সাধাৰণতে মংগলবাৰে ১২:০০ (দুপৰীয়া) PDT (19:00) UTC। mw:VisualEditor/Weekly triage meetingsত যোগদান আৰু বাগ পাৰ্থীত্বৰ বিষয়ে শিকক। এজন Q1 ব্লকাৰ হিচাপে বিবেচনাৰ বাবে বাগ পাৰ্থীত্ব কৰিবলৈ সভাত উপস্থিত থকাৰ প্ৰয়োজন নাই। তাৰ সলনি, Phabricatorলৈ যাওক VisualEditor projectৰ সৈতে বাগ "associate" কৰক।

যদিহে আপুনি আপোনাৰ প্ৰিয় ভাষাত এই বাৰ্তা পঢ়ি থকা নাই, তেন্তে আমাক অনুবাদ কৰাত সহায় কৰক! অনুবাদকৰ ডাক তালিকাৰ গ্ৰাহকভূক্ত হওক বা পোনপতীয়াকৈ আমাৰ লগত যোগাযোগ কৰক, যাতে পৰৱৰ্তী সময়ত আমি আপোনাক সূচিত কৰিব পাৰোঁ। ধন্যবাদ!