মুভমেণ্ট চাৰ্টাৰ/বিষয়বস্তু/ভূমিকা আৰু দায়িত্বসমূহ

This page is a translated version of the page Movement Charter/Content/Roles & Responsibilities and the translation is 97% complete.
Outdated translations are marked like this.


মুভমেণ্ট চাৰ্টাৰ ভূমিকা আৰু দায়িত্ব অধ্যায়ত ৱিকিমিডিয়া মুভমেণ্ট বৃদ্ধিৰ বাবে পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰিও ই স্বীকাৰ কৰে যে কিছুমান কাৰ্য্যপ্ৰবাহ বৃহৎ কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ চলি থাকিব। এই সিদ্ধান্ত বৰ্তমানৰ কৰ্মপ্ৰবাহৰ দক্ষতা আৰু ফলপ্ৰসূতাৰ স্বীকৃতিৰ দ্বাৰা ওপৰত লক্ষ্য কৰি লোৱা হৈছে। এই সফল পদ্ধতিসমূহৰ দ্বাৰা অত্যাৱশ্যকীয় কাৰ্য্যকলাপসমূহ সুশৃংখলিত আৰু উৎপাদনশীল হৈ থাকাটো মুভমেণ্টে নিশ্চিত কৰে। ইয়াৰ ফলস্বৰূপে সদস্যসকলে ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিয়া আৰু তেওঁলোকৰ প্ৰভাৱ সৰ্বাধিক কৰাত মনোনিৱেশ কৰে। উদ্ভাৱনক আকোৱালি লোৱা আৰু ইতিমধ্যে ভালদৰে কাম কৰাখিনি সংৰক্ষণ কৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা, এক সংহত আৰু উচ্চ প্ৰদৰ্শনকাৰী মুভমেণ্ট সৃষ্টি কৰা অধ্যায়টোৰ লক্ষ্য।

এই খচৰাৰ প্ৰসংগ

পাতনি

ৱিকিমিডিয়া মুভমেণ্টৰ ভিতৰৰ সত্তা আৰু অংশীদাৰসকলে মুভমেণ্টটোৰ ভিতৰতে ভূমিকা আৰু দায়িত্বসমূহ যিমানদূৰ সম্ভৱ ন্যাৰ্য্যভাৱে বিতৰণ আৰু বিকেন্দ্ৰীকৰণ কৰে।

সহায়কাৰী নীতি অনুসৰি, দায়িত্বসমূহ সম্ভৱপৰ নিম্নতম পৰ্যায়লৈকে বিভক্ত কৰা হৈছে। এই নিয়ম তেতিয়ালৈকে প্ৰচলিত হ'ব যেতিয়ালৈকে যুগুতোৱা কাৰ্য্যৰ উদ্দেশ্যত, সেই কাৰ্য্যৰ পৰিমাপক অথবা প্ৰভাৱৰ হেতুকে সেই পৰ্যায়ত পৰ্যাপ্ত পৰিমাণে উপনীত হ'ব পৰা নাযায়, কিন্তু প্ৰস্তাৱিত কাৰ্য্যৰ পৰিসৰ বা প্ৰভাৱৰ হেতুকে, তাতকৈ উচ্চ পৰ্য্যায়ত উন্নত ৰূপত উপনীত হব পাৰে। উচ্চ পৰ্যায়ৰ দ্বায়িত্বসমূহৰ বাবে গোটেই মুভমেণ্টক প্ৰতিনিধিত্ব কৰিব পৰা অংগ আছে। এই অংগসমূহৰ গঠন সিদ্ধান্ত গ্ৰহণ আৰু পৰিণতিৰ উত্তৰদায়িত্ব গ্ৰহণৰ ক্ষেত্ৰত সন্মতি নিৰ্মাণৰ বাবে কৰা হৈছে।

স্বেচ্ছাসেৱকসকল

স্বেচ্ছসেৱকসকল এই মুভমেণ্টটোৰ মানৱীয় ভেঁটি। ব্যক্তি হিচাপে, ৱিকিমিডিয়াৰ মুভমেণ্টলৈ অৱদান আগবঢ়াবলৈ তেওঁলোকৰ সম্পূৰ্ণ স্বতন্ত্ৰতা আছে। ৱিকিমিডিয়াৰ সন্দৰ্ভত, এজন স্বেচ্ছাসেৱক হৈছে এনে এক ব্যক্তি যিয়ে নিজৰ সময় আৰু শক্তি ৱিকিমিডিয়াৰ ক্ৰিয়াকলাপত দিব, নিজৰ প্ৰয়াসসমূহৰ বিনিময়ত একো নিয়মিত বেতন নোলোৱাকৈ। তেওঁলোকে অনলাইন আৰু অফলাইন দুই ধৰনে এই কাৰ্য্যসমূহ, যেনে - প্ৰকল্প সম্পাদন কৰা, প্ৰশাসনিক দায়িত্বসমূহ, কমিটীৰ ক্ৰিয়াকলাপ আৰু অনুষ্ঠান আয়োজন ইত্যাদি সম্পাদন কৰিব। কোনো কোনো ক্ষেত্ৰত, স্বেচ্ছাসেৱকসকল তেওঁলোকৰ প্ৰয়াসৰ বিনিময়ত খৰচ হোৱা ধন পুনৰপ্রাপ্তি, পুৰস্কাৰ, ইলেকট্ৰনিক সৰঞ্জাম, সহায়ক পেকেজ অথবা ষ্টাইপেণ্ড্ লাভ কৰিবৰ বাবে অৰ্হতাপূৰ্ণ হ'ব।

শাসনৰ গাঁথনি

স্বেচ্ছাসেৱকসকলে মুভমেণ্টত ব্যক্তিগত বা সামূহিক কাৰ্য্যকলাপৰ প্ৰতি দায়বদ্ধ হ'ব পাৰে, আৰু যিকোনো মুক্ত গোট, সম্প্ৰদায়, প্ৰকল্প, সংযুক্ত বা হাবৰ সৈতে জড়িত হ'ব পাৰে। স্বেচ্ছাই অৰিহণা যোগোৱা ব্যক্তিসকলৰ নিয়োজিতাৰ জৰিয়তে ৱিকিমিডিয়া মুভমেণ্টে সাফল্য লাভ কৰিছে ।

দায়িত্বসমূহ

মুভমেণ্টটো গঢ় লৈ উঠা ভেটিটোৱেই হৈছে স্বেচ্ছাসেৱকসকল । তেওঁলোকৰ অবিহনে ইয়াৰ অস্তিত্ব থাকিব নোৱাৰিলেহেঁতেন। ব্যক্তি হিচাপে প্ৰকল্প সম্পাদনাৰ পৰা আৰম্ভ কৰি মুভমেণ্টৰ বৃদ্ধিৰ বাবে সম্প্ৰদায় গঢ়ি তোলালৈকে তেওঁলোকৰ অৱদান নিহিত হৈ আছে ।

সকলো স্বেচ্ছাসেৱকে অৰিহণা যোগোৱাৰ সময়ছোৱাত মুভমেণ্টৰ নীতি আৰু নিৰ্দেশনা মানি চলিব লাগিব। আচৰণ বিধিত উল্লেখ কৰা অনুসৰি ৱিকিমিডিয়া মুভমেণ্টৰ কাৰ্য্যকলাপত লিপ্ত হোৱাৰ সময়ত তেওঁলোকে নিজৰ ব্যক্তিগত কাৰ্য্যৰ বাবে উত্তৰদায়ী হয়।

অধিকাৰ

  • ৱিকিমিডিয়া মুভমেণ্টৰ সৈতে স্বেচ্ছাসেৱকসকলৰ সম্পৰ্ক, নিজেই, স্বেচ্ছামূলক: এজন স্বেচ্ছাসেৱকে আগবঢ়াব পৰা অৱদানৰ কোনো সীমা নাই। স্বেচ্ছাসেৱকসকলে তেওঁলোকে আগবঢ়াব বিচৰা অৱদানৰ প্ৰকৃতি আৰু পৰিসৰ নিৰ্ণয় কৰাৰ স্বত্তাধিকাৰ থাকে।
  • প্ৰতিজন স্বেচ্ছাসেৱকৰ যিকোনো মুহূৰ্ততে মুভমেণ্ট ত্যাগ কৰাৰ অধিকাৰ আছে। তেওঁলোকে যিকোনো মুহূৰ্তৰ বাবে বিৰতি ল’ব পাৰে, বা আগবাঢ়ি যোৱাৰ সময় বুলি সিদ্ধান্ত ল’লে সম্পূৰ্ণ বিৰতি লʼব পাৰে।
  • ব্যক্তিগত স্বেচ্ছাসেৱসকলৰ ওপৰত অত্যধিক দাবী উত্থাপন যাতে নহয়, সেইক্ষেত্ৰত সাৱধান হ’ব লাগে। স্বেচ্ছাসেৱকসকলৰ সদায় অতিৰিক্ত অৱদান বা মতামতৰ বাবে কৰা অনুৰোধ নাকচ কৰাৰ অধিকাৰ আছে।
  • মুভমেণ্টৰ সকলো স্বেচ্ছাসেৱকক সন্মানজনক ব্যৱহাৰ কৰা উচিত আৰু সমতাপূৰ্ণভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ আছে।
  • আমাৰ স্বেচ্ছাসেৱকসকলৰ বাবে সহায়ক আৰু পুৰস্কাৰজনক পৰিৱেশ বজাই ৰাখিবলৈ ক্ষতিপূৰণৰ বাবে নিৰীক্ষণ কৰাৰ ব্যৱস্থা, খৰচ পৰিশোধ, ইভেণ্ট প্ৰাইজ, গেজেট, সহায়ক পেকেজ, ভাট্টা আদিৰ ক্ষেত্ৰত, ব্যৱস্থা থাকিব পাৰে।

সম্প্ৰদায়সমূহ

ৱিকিমিডিয়া স্বেচ্ছাসেৱী সম্প্ৰদায় হৈছে ৱিকিমিডিয়া প্ৰকল্প আৰু কাৰ্য্যকলাপ গঢ়ি তোলা, সমৃদ্ধিশালী আৰু বিকাশৰ বাবে অনলাইন আৰু অফলাইনত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱকসকলৰ গোটসমূহ।

ৱিকিমিডিয়া সম্প্ৰদায়সমূহ বহু ৰূপত অৱস্হিত, উদাহৰণস্বৰূপে, এই সম্প্ৰদায়সমূহ বিষয়ভিত্তিক, ভৌগোলিক, ভাষিক বা প্ৰকল্পভিত্তিক হ'ব পাৰে।

শাসন ব্যৱস্থা

প্ৰকল্প সম্প্ৰদায়সমূহ হৈছে ৱিকিমিডিয়াৰ অনলাইন প্ৰকল্পসমূহত অৰিহণা যোগোৱা লোকৰ গোট। সাৰ্বজনীন আচৰণৰ নিয়ম মানি চলি, তেওঁলোকৰ নীতি আৰু বিষয়বস্তুৰ প্ৰসংগৰ ওপৰত তেওঁলোকৰ বৃহৎ স্বত্তাধিকাৰ আছে। এই স্বায়ত্তশাসনে পৰিক্ষণৰ মনোভাৱ গঢ়ি তোলে যিয়ে নতুন সামাজিক আৰু প্ৰযুক্তিগত পদ্ধতিৰ সুবিধা প্ৰদান কৰে।

সম্প্ৰদায়সমূহে নিজৰ অংশগ্ৰহণমূলক শাসন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে আৰু তাক অনুসৰণ কৰে, যিসমূহ প্ৰক্ৰিয়া এটা সম্প্ৰদায়ৰ পৰা আনটো সম্প্ৰদায়ৰ ক্ষেত্ৰত ভিন্ন হয়। কিছুমান সম্প্ৰদায়ত এই প্ৰক্ৰিয়াসমূহক সমৰ্থন আৰু তদাৰক কৰিবলৈ কেইবাখনো সমিতি আৰু ভূমিকা আছে, এইসমূহত অন্তৰ্ভুক্ত হয়, (যদিও ইয়াৰ মাজতে সীমাবদ্ধ নহয়): আমোলা, ষ্টুয়াৰ্ড, প্ৰশাসক, সালিশ সমিতিৰ সদস্যপদ ইত্যাদি। সম্প্ৰদায়সমূহৰ সৈতে মিলি তেওঁলোকে বিষয়বস্তুৰ নীতি, ৰক্ষণাবেক্ষণ আৰু প্ৰকল্পসমূহৰ বিকাশ, কাৰ্য্যপ্ৰবাহ, সহযোগিতাসমূহৰ বাবে দায়বদ্ধ।

যিহেতু, প্ৰতিটো সম্প্ৰদায়ৰ শাসন গাঁথনি সম্প্ৰদায়টোৱে নিজেই নিৰ্ধাৰণ কৰে, সেয়েহে সংগঠিত সম্প্ৰদায়ৰ ওপৰত তদাৰকী কম। কিন্তু, প্ৰতিটো সম্প্ৰদায়ে মানি চলিবলগীয়া পথ প্ৰদৰ্শক নীতি থাকিব।

দায়িত্বসমূহ

মুভমেণ্টৰ বহনক্ষমতা আৰু বৃদ্ধি নিশ্চিত কৰিবলৈ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰকল্পসমূহৰ সামগ্ৰিক সম্পাদনা, তত্বাৱধান, পৰিচালনা আৰু সম্প্ৰসাৰণৰ বাবে সম্প্ৰদায়সমূহ দায়বদ্ধ। নিজৰ প্ৰকল্পত কাম কৰাৰ ধৰণ আৰু নিয়ম গঢ় দিয়া আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত, আৰু নিজৰ প্ৰসংগত কাৰ্য্যকলাপসমূহ সংগঠিত আৰু পৰিচালিত কৰাৰ বাবেও তেওঁলোকে দায়বদ্ধ।

সাধাৰণতে, প্ৰকল্প সম্প্ৰদায়সমূহ, শাসনৰ বিষয়ত আৰু সেই একেটা সম্প্ৰদায়ৰ ব্যৱহাৰকাৰীসকলৰ প্ৰতি উত্তৰদায়ী।

অধিকাৰ

প্ৰকল্প সম্প্ৰদায়সমূহে তেওঁলোকৰ প্ৰকল্পৰ বিষয়বস্তুৰ ওপৰত সম্পূৰ্ণ সম্পাদনামূলক নিয়ন্ত্ৰণ প্ৰয়োগ কৰে।

মুভমেণ্টৰ দীৰ্ঘম্যাদী বহনক্ষমতাৰ মূল বিষয় হৈছে সম্প্ৰদায়ক জড়িত কৰা। ৱিকিমিডিয়া ফাউণ্ডেশ্যন বা গোলকীয় পৰিষদ প্ৰৱৰ্তন কৰা যিকোনো পৰিৱৰ্তনৰ ফলত সম্প্ৰদায়ৰ কৰ্মপ্ৰবাহত প্ৰভাৱ পেলায়, সেই ক্ষেত্ৰত সংশ্লিষ্ট সম্প্ৰদায়সমূহে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ পৰামৰ্শ আগবঢ়াব লাগিব । কাৰ্য্যপ্ৰবাহ-প্ৰভাৱিত পৰিৱৰ্তনসমূহে আন্তঃপৃষ্ঠ বা চফ্টৱেৰৰ পৰিৱৰ্তন, বা মুভমেণ্ট কৌশল, বা আচৰণ বিধিসমূহৰ দৰে সম্প্ৰদায়সমূহক প্ৰভাৱিত কৰা গোলকীয় প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে। কিছুমান, যেনে মুভমেণ্ট চাৰ্টাৰ সংশোধনী, ইয়াৰ ওপৰতো অধিক বাধ্যতামূলক অনুমোদন দিয়া হয়।[1]

যিবোৰ ক্ষেত্ৰত জটিল প্ৰতিযোগী স্বাৰ্থই এনে পৰামৰ্শক বাধা দিয়ে, তেনে ক্ষেত্ৰত গোলকীয় পৰিষদ বা WMF য়ে ব্যাখ্যা কৰিব লাগিব যে সেয়া পৰামৰ্শ কিয় হ’ব নোৱাৰে। প্ৰকৃত জৰুৰীকালীন অৱস্থাত গোলকীয় পৰিষদ বা WMF য়ে নিজৰ কৰ্তৃত্বৰ ভিতৰত কাম কৰিব পাৰে, কিন্তু তাৰ পিছতো একেধৰণৰ ব্যাখ্যা দিব লাগিব। তাৰ পিছত পৰামৰ্শ আৰু সম্ভাৱ্য পৰ্যালোচনাৰ সুযোগ আগবঢ়োৱা হ’ব (সম্ভাৱ্য কাৰ্য্যসমূহ বাতিল কৰাক সাঙুৰি)। গোলকীয় পৰিষদ আৰু WMF য়ে সিদ্ধান্ত বা কাৰ্য্যৰ ওপৰত আলোচনা চলোৱাৰ আগতীয়াকৈ বাস্তৱিক ফলাফলত উপনীত হোৱাটো এৰাই চলিব লাগিব।

পৰিৱৰ্তনৰ বিষয়ে থকা তথ্যসমূহ আৰু আপডেটসমূহ, যিবোৰে সম্প্ৰদায়ৰ কাৰ্য্যপ্ৰবাহত প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে, সেইসমূহ সম্প্ৰদায়ৰ সদস্যসকলৰ বাবে উপলব্ধ আৰু আৱিষ্কাৰযোগ্য হ'ব লাগে। আপডেটসমূহে অন্তৰ্ভুক্ত কৰে, (কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নহয়): চলি থকা প্ৰকল্প আৰু সুযোগসমূহ, WMF বিষয়ে থকা তথ্যসমূহ, আৰু গোলকীয় পৰিষদ (ইয়াৰ উপ-সমিতিসমূহকো সাঙুৰি)। আমাৰ মুভমেণ্টৰ প্ৰমূল্যৰ সৈতে সামঞ্জস্যপূৰ্ণ পৰ্যাপ্ত নথিপত্ৰৰ অধিকাৰ সম্প্ৰদায়সমূহৰ আছে। যিবোৰ তথ্য গোপনীয়, ব্যক্তিগত আৰু মালিকানাধীন কাৰণবশতঃ প্ৰকাশ কৰিব নোৱাৰি বা আইনৰ মতে ভাগ-বতৰা কৰাটো অনুমোদিত নহয়, সেইবোৰ এই ৰাজহুৱা প্ৰকাশনসমূহৰ পৰা বাদ দিয়া হৈছে।

মুভমেণ্টৰ অংগসমূহ

মুভমেণ্টৰ অংগসমূহ হৈছে ৱিকিমিডিয়া মুভমেণ্টৰ অৰ্ন্তগতত স্বীকৃতিৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়াৰ মাজেৰে যোৱা স্বতন্ত্ৰ সংগঠনসমূহ। তেওঁলোকে মুক্ত জ্ঞানৰ ৱিকিমিডিয়াৰ মিছন অনুসৰণ কৰে, মুভমেণ্টৰ মূল্যবোধ মানি চলে আৰু নিজৰ স্বীকৃতিপ্ৰাপ্ত পৰিসৰৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ আৰু মুভমেণ্ট কৌশলত সক্ৰিয় হয়।

মুভমেণ্ট অংগসমূহে আগ্ৰহী সদস্য আৰু স্বেচ্ছাসেৱকসকলক একত্ৰিত কৰে, আৰু বিশেষজ্ঞতাৰ নিৰ্দিষ্ট ক্ষেত্ৰত তেওঁলোকৰ সেৱা আগবঢ়ায়। সংস্থাসমূহে প্ৰতিষ্ঠানিক সহায় আগবঢ়ায়, কামসমূহ সম্পন্ন কৰে, আৰু স্বেচ্ছাসেৱক আৰু অন্যান্য অংগসমূহক কাৰ্য্যকলাপ বিকাশ, পৰিচালনা আৰু সমন্বয়ত সহায় কৰে।

মুভমেণ্টৰ অংগসমূহে সদস্য সংখ্যা বৃদ্ধি, সহযোগিতা গঢ়া, সহযোগিতা বৃদ্ধি, তেওঁলোকৰ দক্ষতা বৃদ্ধি, আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ সজাগতা বৃদ্ধি কৰি ৱিকিমিডিয়া সম্প্ৰদায়ৰ বৃদ্ধি আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে। তেওঁলোকে নিজ নিজ সম্প্ৰদায়ৰ সৈতে যোগাযোগৰ মাধ্যম মুকলি কৰে আৰু তেওঁলোকৰ প্ৰতিনিধি হিচাপে কাম কৰে। সম্প্ৰদায়সমূহৰ প্ৰকৃতি আৰু কামৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে প্ৰয়োজনীয় সম্পদ আৰু সমৰ্থন তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাত সহায় কৰে।

ইয়াৰ দীৰ্ঘম্যাদী লক্ষ্য হ’ল, মুভমেণ্টৰ সম্পদসমূহ মুভমেণ্টৰ সংস্থাসমূহৰ বৰ্ণালীত বিয়পি পৰা আৰু যিকোনো এটা সংস্থাৰ তাত আধিপত্য নাথকা, কিন্তু গোলকীয় পৰিষদ আৰু ৱিকিমিডিয়া ফাউণ্ডেচন দুয়োটাৰে তদাৰকত বৰ্তি থকা। ইয়াক লাভ কৰিবলৈ কৌশলগত ক্ষেত্ৰসমূহত বৃদ্ধিৰ অগ্ৰাধিকাৰ দিয়া হ’ব যাতে এক ব্যৱহাৰিক বিকেন্দ্ৰীকৰণ গঢ়ি তোলিব লাগিব।

গোলকীয় পৰিষদ

(পাঠকৰ বাবে টোকা: গোলকীয় পৰিষদৰ তথ্য খচৰা প্ৰস্তুত প্ৰক্ৰিয়াৰ পিছৰ পুনৰাবৃত্তিত চাৰ্টাৰ R&R অধ্যায়ত যোগ কৰা হ'ব। বৰ্তমানৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি গোলকীয় পৰিষদৰ খচৰা চাওক।)

হাবসমূহ

(পাঠকৰ বাবে টোকা: হাবসমূহৰ বিষয়ে তথ্য খচৰা প্ৰস্তুত প্ৰক্ৰিয়াৰ পিছৰ পুনৰাবৃত্তিত চাৰ্টাৰ R&R অধ্যায়ত যোগ কৰা হ'ব। বৰ্তমানৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি হাবসমূহৰ খচৰা চাওক।)

ৱিকিমিডিয়াৰ সংযুক্ত প্ৰতিষ্ঠানসমূহ

ৱিকিমিডিয়া মুভমেণ্ট সংযুক্ত প্ৰতিষ্ঠানসমূহ হৈছে ৱিকিমিডিয়া মুভমেণ্টৰ এনে সংস্থা যিবোৰক গোলকীয় পৰিষদ আৰু ইয়াৰ নিযুক্ত সমিতিৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়, বা গোলকীয় পৰিষদ আৰম্ভ আৰু পৰিৱৰ্তনকালৰ পূৰ্বে, ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়।

মুভমেণ্টৰ সংযুক্ত প্ৰতিষ্ঠান, এটা নিৰ্দিষ্ট ভৌগোলিক আবৃত ক্ষেত্ৰৰ সৈতে এটা ৱিকিমিডিয়া অধ্যায় হʼব পাৰে, এটা বিষয়ভিত্তিক সংস্থা যাৰ এটা বিশ্বব্যাপী বা আন্তঃ-আঞ্চলিক ক্ষেত্ৰ, কিন্তু এটা সুকীয়া বিষয়বস্তু, আৰু এটা ব্যৱহাৰকাৰী গোট যি আঞ্চলিক হোৱাৰ লগতে সাময়িকো হ'ব পাৰে। সংযুক্ত প্ৰতিষ্ঠানসমূহ হৈছে এটা মূল পথ য'ত গোটসমূহে কাৰ্য্যকলাপ আৰু অংশীদাৰিত্ব প্ৰদানৰ বাবে মুভমেণ্টৰ ভিতৰত সংগঠিত হ'ব পাৰে।

শাসন ব্যৱস্থা

সংযুক্ত প্ৰতিষ্ঠানৰ গঠন আৰু শাসন ব্যৱস্থা সংযুক্ত প্ৰতিষ্ঠানটোৱে যিটো প্ৰসংগ আৰু প্ৰয়োজনীয়তাৰ ভিতৰত কাম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত মুকলি। সিদ্ধান্ত গ্ৰহণকাৰীজন হৈছে এটা সংযুক্ত প্ৰতিষ্ঠান ব’ৰ্ড বা অনুৰূপ, আৰু তেওঁলোকে প্ৰতিনিধিত্ব কৰা গোটটোৰ প্ৰতি তেওঁ উত্তৰদায়ী হয় – উদাহৰণস্বৰূপে তেওঁলোকৰ সদস্যপদ অংগসমূহ । তেওঁ মুভমেণ্টৰ মিছন আৰু প্ৰমূল্যসমূহো মানি চলাৰ উপৰিও স্বীকৃতিৰ মানদণ্ডও মানি চলিব লাগিব।

দায়িত্বসমূহ

সংযুক্ত প্ৰতিষ্ঠানৰ সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ প্ৰত্যেকেই এফিলিয়েটৰ দ্বাৰা সমৰ্থিত সম্প্ৰদায়সমূহৰ বহনক্ষমতাৰ বাবে দায়বদ্ধ, আৰু শেষত তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এটা বা ততোধিক অনলাইন প্ৰকল্পত সহায় কৰিব লাগিব: তেওঁলোকৰ সম্প্ৰদায়ৰ ভিতৰত অন্তৰ্ভুক্তি, সমতা আৰু বৈচিত্ৰ্যৰ সুবিধা প্ৰদান কৰা; সাৰ্বজনীন আচৰণ বিধি ৰক্ষা কৰা; আৰু তেওঁলোকৰ অঞ্চল বা কামৰ বিষয়বস্তুত অংশীদাৰিত্ব আৰু সহযোগিতা বিকশিত কৰা। যদিহে তেওঁলোকে ধন সংগ্ৰহ কৰিবলৈ বাছি লয় তেন্তে সিদ্ধান্ত গ্ৰহণকাৰীসকলে অন্যান্য ধন সংগ্ৰহ সংস্থাৰ সৈতে সমন্বয় স্থাপন কৰিব বুলি আশা কৰা হৈছে। ৰাজহুৱাভাৱে সুলভ প্ৰতিবেদন প্ৰদান কৰি তেওঁলোকৰ কামক দৃশ্যমান কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণকাৰীসকল দায়বদ্ধ।

এটা সংযুক্ত প্ৰতিষ্ঠানৰ কাৰ্য্যকলাপৰ ক্ষেত্ৰত প্ৰস্তাৱিত যিকোনো হাবৰ বিষয়ে (এইটো বিষয় বা অঞ্চলৰ ক্ষেত্ৰতেই হওক), আৰু মুভমেণ্টৰ গাঁথনি আৰু শাসনৰ যিকোনো প্ৰস্তাৱিত পৰিৱৰ্তনৰ বিষয়ে পৰামৰ্শ লোৱাৰ প্ৰয়োজন যদিহে ই কোনো সংযুক্ত প্ৰতিষ্ঠানৰ সিদ্ধান্ত গ্ৰহণকাৰীৰ কাৰ্য্যকলাপত প্ৰভাৱ পেলায়।

ৱিকিমিডিয়া ফাউণ্ডেচন

ৱিকিমিডিয়া ফাউণ্ডেচন হৈছে ৱিকিমিডিয়া মুভমেণ্টৰ বিনামূলীয়া জ্ঞানৰ মঞ্চ আৰু প্ৰযুক্তিৰ বাবে আইনগতভাৱে দায়বদ্ধ, আৰু ইয়াৰ আতিথ্যৰ বাবেও দায়বদ্ধ এক বেচৰকাৰী সংস্থা (NGO)। ই সমগ্ৰ ৱিকিমিডিয়া মুভমেণ্টৰ পৰা চলি থকা অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ দ্বাৰা পৰিচালিত এক কৌশলগত দিশ ৰূপায়ণ কৰে।

ৱিকিমিডিয়া ফাউণ্ডেচনৰ কামৰ পৰিপূৰক হ ৱিকিমিডিয়া এনডাউমেণ্ট আৰু ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজৰ দৰে বিশেষ সংস্থা হয়, যিসমূহৰ পৃথক আইনী সত্তা আৰু নিজা উপ-বিধি আছে।

শাসন গাঁথনি

ৱিকিমিডিয়া ফাউণ্ডেচন (WMF)ৰ উপ-বিধিসমূহত ইয়াৰ শাসন গাঁথনি আছে, যিবোৰ ট্ৰাষ্টীৰ ব'ৰ্ডৰ পৰা অহা প্ৰস্তাৱ আৰু WMF ৰ নীতিৰ দ্বাৰা পৰিপূৰক হয় আৰু ব'ৰ্ড অৱ ট্ৰাষ্টী আৰু WMF ৰ কৰ্মচাৰী দুয়োটাৰে ক্ষেত্ৰত প্ৰযোজ্য। [2] ব’ৰ্ড অৱ ট্ৰাষ্টৰ সদস্যসকলৰ কমেও আধা সদস্য সম্প্ৰদায়ৰ পৰা আহৰণ কৰা হৈছে, WMF মুখ্য কাৰ্যবাহী বিষয়া (CEO)ৰ বাবে অৰ্পণ কৰা কামৰ সৈতে তেওঁলোকেই মূল সিদ্ধান্ত গ্ৰহণকাৰী। WMF ইয়াৰ বিনামূলীয়া জ্ঞান অভিযান আৰু ৱিকিমিডিয়া সম্প্ৰদায়ৰ প্ৰতি উত্তৰদায়ী। WMF য়ে বৃহৎ ৱিকিমিডিয়া মুভমেণ্টক ট্ৰাষ্টীৰ বʼৰ্ড আৰু CEO ৰ সাধাৰণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। WMF য়ে এই তথ্য মুকলি আৰু সহজে উপলব্ধ কৰিব পৰাটোক নিশ্চিত কৰে।

যিবোৰ কমিটীয়ে মূলতঃ নিৰ্দিষ্ট বিষয়টোৰ বিষয়ে জ্ঞান আৰু আগ্ৰহী স্বেচ্ছাসেৱকৰে গঠিত তেওঁলোকৰ দ্বাৰা WMF'ক পৰামৰ্শ আৰু সমৰ্থন কৰা হয়, আৰু তেওঁলোকৰ ভূমিকা পালনত WMF'ৰ কৰ্মচাৰীয়ে সমৰ্থন কৰে।

দায়িত্বসমূহ

ৱিকিমিডিয়া প্ৰকল্প আৰু ইয়াৰ মুভমেণ্টৰ দীৰ্ঘম্যাদী বহনক্ষমতাৰ বাবে WMF দায়বদ্ধ। WMF য়ে ৱিকিমিডিয়া প্ৰকল্পসমূহ আয়োজন কৰা চাৰ্ভাৰসমূহ ৰক্ষণাবেক্ষণ কৰে, আৰু মূল চফ্টৱেৰ বিকাশৰ দায়িত্বত থাকে। বিশ্বব্যাপী ধন সংগ্ৰহ অভিযানৰ বাবে WMF দায়বদ্ধ হয়। ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজ প্ৰকল্পৰ বাবেও WMF দায়বদ্ধ।

WMF য়ে ফাউণ্ডেশ্যনৰ আইনী দিশসমূহ পৰিচালনা আৰু ইয়াৰ সামগ্ৰিক শাসন ব্যৱস্থা, যেনে, ট্ৰাষ্টীৰ ব'ৰ্ডৰ চাৰিওফালে হোৱা প্ৰক্ৰিয়া, বাৰ্ষিক আৰু বহুবছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰা, আৰু ৱিকিমিডিয়া ট্ৰেডমাৰ্কসমূহৰ সুৰক্ষাৰ তদাৰক কৰাৰ দায়িত্ব লয়।

WMF য়ে প্ৰাসংগিক অংশীদাৰসকলৰ পৰামৰ্শ লয় যিসকল নীতি আৰু উপ-বিধি পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হ’ব। প্ৰয়োজন অনুসৰি, ই বাহ্যিক আইনী পৰামৰ্শ বিচাৰিব।

WMF য়ে গোলকীয় পৰিষদৰ সৈতে একলগ হৈ স্বচ্ছ, সৰ্বাংগীন আৰু উত্তৰদায়ীভাৱে ধন সংগ্ৰহৰ ক্ষেত্ৰত সমন্বয় নিশ্চিত কৰিবলৈ প্ৰক্ৰিয়া সৃষ্টি কৰিব। এই প্ৰক্ৰিয়াই বিশেষকৈ বিভিন্ন গতিশীল সংস্থাৰ প্ৰচেষ্টাসমূহৰ ওপৰত ওপৰা-ওপৰি অথবা নকলৰ পৰা এৰাই চলিবলৈ কৰা প্ৰচেষ্টাসমূহ স্পষ্ট কৰি তুলিব।

WMF য়ে মুভমেণ্টৰ বাহিৰৰ পৰা হোৱা উন্নয়নসমূহ অনুসৰণ কৰে, যিয়ে মুভমেণ্টৰ কামত প্ৰভাৱ পেলায়, যেনে- আইনগত বিষয় আৰু ভাবুকিৰ সন্মুখীন হোৱা সম্প্ৰদায়সমূহ।

টোকাসমূহ

  1. It is intended to add the link to the planned amendment chapter when drafted.
  2. য'ত কৰ্মচাৰীসকল ঠিকাদাৰৰ সৈতে অন্তৰ্ভুক্ত থাকে

অধিক পঢ়ক