Wikimedia Foundation elections/2021/2021-06-09/Call for Candidates/as

This page is a translated version of the page Wikimedia Foundation elections/2021/2021-06-09/Call for Candidates and the translation is 80% complete.
Outdated translations are marked like this.

The election ended ৩১ আগষ্ট ২০২১. No more votes will be accepted.
The results were announced on ৭ ছেপ্টেম্বৰ ২০২১. Please consider submitting any feedback regarding the 2021 election on the elections' post analysis page.

সকলোকে স্বাগতম,

2021 Board Elections
Main Page
Candidates
Voting information
Single Transferable Vote
Results
Discussions
FAQ
Questions
Organization
Translation
Documentation
This box: view · talk · edit

২০২১ চনৰ বোৰ্ড অৱ ট্ৰাষ্টীজৰ নিৰ্বাচন সমাগত। খালী আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টিয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্বাৱধান কৰে। ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলে বোৰ্ড অফ ট্ৰাষ্টীজ্ গঠন কৰে। প্ৰতিজন ট্ৰাষ্টীৰ কাৰ্যকাল তিনি বছৰ। ৱিকিমিডিয়া সম্প্ৰদায়ে নিৰ্বাচনৰ যোগে নিযুক্ত ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ পাব।

ৱিকিমিডিয়াৰ অৱদানকাৰীসকলে ২০২১ চনত বোৰ্ডৰ চাৰিখন আসন পূৰণ কৰিবলৈ ভোট দিব। এয়া এটা দল হিচাপে বোৰ্ডৰ প্ৰতিনিধিত্ব, বৈচিত্ৰ্য আৰু দক্ষতা উন্নত কৰাৰ এক সুযোগ।

সম্ভাৱ্য প্ৰাৰ্থী কোন? আপুনিও এজন সম্ভাৱ্য প্ৰাৰ্থী নেকি?

বৈশিষ্ট্য

ৱিকিমিডিয়া এক গোলকীয় আন্দোলন আৰু বিস্তৃত পৰিসৰত প্ৰাৰ্থীৰ সন্ধান কৰে। প্ৰাৰ্থীসকলে বোৰ্ডলৈ কি অভিজ্ঞতা আৰু দৃষ্টিভংগী কঢ়িয়াই আনিব সেই বিষয়ে চিন্তা কৰা উচিত। সেই সকলেই আদৰ্শ প্ৰাৰ্থী, যিসকলে ৱিকিমিডিয়া মিছনৰ সৈতে একত্ৰিত হোৱাৰ উপৰিও চিন্তাশীল, শ্ৰদ্ধাশীল আৰু সম্প্ৰদায়মুখী হয়। বোৰ্ডে আমাৰ আন্দোলনৰ বাবে কম প্ৰতিনিধিত্ব কৰা আৰু অত্যাৱশ্যকীয় দৃষ্টিভংগী আৰু কণ্ঠস্বৰৰ সন্ধান কৰে। ৱিকিমিডিয়াক এজন নতুন ট্ৰাষ্টীৰ পৰা যি প্ৰয়োজন সেয়া তেওঁলোকে দিব পাৰিব লাগে।

প্ৰতিশ্ৰুতি

ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰীয়া আৰু একেৰাহে তিনিটা কাৰ্যকাললৈকে সেৱা আগবঢ়াব পাৰে। প্ৰতি বছৰে ভ্ৰমণ বাদ দি প্ৰতিশ্ৰুত সময় হৈছে প্ৰায় ১৫০ ঘণ্টা। অৱশ্যে এই সময় গোটেই বছৰটোত সমভাবে বিস্তাৰিত নহয়। সভা-সমিতিৰ ক্ষেত্ৰতহে মূলতঃ সময় দিব লাগে। আশা কৰা হয় যে কমেপক্ষেও বোৰ্ডৰ এখন সমিতিত ট্ৰাষ্টীসকলে যাতে সেৱা আগবঢ়ায়। .

প্ৰয়োজনীয়তা

ইংৰাজী হৈছে বোৰ্ডৰ কাম-কাজৰ ভাষা। প্ৰাৰ্থীসকলৰ ইংৰাজীৰ প্ৰাথমিক বোধগম্যতাৰ প্ৰয়োজন, কিন্তু তেওঁলোকে সহায় আৰু প্ৰশিক্ষণ পাব। বিস্তৃত পৰিসৰৰ ভোটাৰৰ ওচৰলৈ লৈ যাবলৈ প্ৰাৰ্থীৰ আবেদনবোৰ কেইবাটাও ভাষালৈ অনুবাদ কৰা হ'ব।

আবেদন

ৱিকিমিডিয়া ট্ৰাষ্টীৰ প্ৰয়োজনীয়তা পূৰণ কৰা সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হ’ল। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। আবেদন কৰক পৃষ্ঠাত প্ৰাৰ্থীসকলে বিতং তথ্যৰ সন্ধান আৰু তেওঁলোকৰ মনোনয়ন দাখিল কৰিব পাৰে।

আপোনাৰ সমৰ্থনৰ বাবে ধন্যবাদ,

ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টী