টেমপ্লেট:গোপনীয়তানীতি-আমন্ত্ৰণ
এই খচৰা গোপনীয়তা নীতিক আপোনাৰ মতামতৰ প্ৰয়োজন। আমি ১৪ ফেব্ৰুৱাৰী ২০১৪ লৈকে সম্প্ৰদায়ৰ মন্তব্য গ্ৰহণ কৰিম। আমি খচৰাখনৰ যিকোনো দিশৰ ওপৰত মন্তব্য ৰখাৰ বাবে অপেক্ষা কৰিআছো।
গোপনীয়তা নীতিবোৰ ব্যৱহাৰকাৰীৰ অধিকাৰসুৰক্ষাৰ কেন্দ্ৰীয়। আমাৰ বৰ্তমানৰ নীতিয়ে ইয়াৰ বাবে কাম কৰে, কিন্তু ২০০৮ চনৰ পৰা আপডেট কৰা হোৱা নাই। আমি বিচাৰো যে আমাৰ পৰৱৰ্তী গোপনীয়তা নীতিয়ে আজিৰ ৱেবৰ পৰিপ্ৰেক্ষিতত ৱিকিমিডিয়া সম্প্ৰদায়ৰ মূল্যবোধপ্ৰতিফলিত কৰক। সেই কথা মনত ৰাখি, আমি আপোনাক ৱিকিমিডিয়া প্ৰকল্পৰ বাবে এক নতুন গোপনীয়তা নীতিৰ প্ৰথম খচৰা উপস্থাপন কৰিছো। এই প্ৰথম খচৰাটো চাৰিটা নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল:
এই খচৰাটোৰ ওপৰত আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ। ৱিকিমিডিয়া প্ৰকল্পবোৰ আপুনি আৰু আপোনাৰ বাবে নিৰ্মাণ কৰা হৈছে; আপোনাৰ কণ্ঠস্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি এই আলোচনাত আপোনাৰ সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ অংশগ্ৰহণৰ বাবে অপেক্ষা কৰিআছো। কেৱল আপোনাৰ অন্তৰ্ভুক্তিৰ দ্বাৰাহে আমি এটা চূড়ান্ত খচৰা সৃষ্টি কৰিব পাৰোঁ যি য়ে সঁচাকৈয়ে ৱিকিমিডিয়া সম্প্ৰদায়ৰ মূল্যবোধপ্ৰতিফলিত কৰে। পৰামৰ্শৰ ম্যাদৰ পিছত, আমি খচৰাখন চূড়ান্ত কৰিব বিচাৰো আৰু ইয়াৰ বিবেচনাৰ বাবে ইয়াক ডব্লিউএমএফ ট্ৰাষ্টী পৰিষদৰ ওচৰত উপস্থাপন কৰিব বিচাৰো। খচৰাখনৰ পুনৰীক্ষণ আৰু আলোচনা জাম্পষ্টাৰ্ট কৰিবলৈ আৰবী, ফৰাচী, জাৰ্মান, জাপানী আৰু স্পেনিছ ভাষাত গোপনীয়তা নীতি খচৰাৰ অনুবাদ প্ৰদান কৰিছো। অৱশ্যে, এই অনুবাদবোৰ উন্নত কৰা, খচৰাখন অধিক ভাষালৈ অনুবাদ কৰা, আৰু এই পৰামৰ্শ ৰ সময়ছোৱাত আনৰ দ্বাৰা প্ৰদান কৰা প্ৰতিক্ৰিয়া অনুবাদ কৰাত সহায় কৰাৰ বাবে আমি সমাজৰ ওচৰত কৃতজ্ঞ হ'ম। অনুগ্ৰহ কৰি মন কৰিব যে মূল ব্লগ পোষ্টৰ অধীনত, ৱিকিমিডিয়া-এল থ্ৰেডত মন্তব্য থাকিব পাৰে, আৰু হয়তো আন আলোচনা পৃষ্ঠাথাকিব পাৰে। সেই মন্তব্যবোৰ এই প্ৰতিক্ৰিয়া পৃষ্ঠালৈ স্থানান্তৰ কৰিব পাৰি, যি বিভিন্ন স্থিতি আৰু ধাৰণাবোৰৰ ওপৰত পৰ্যালোচনা আৰু মন্তব্য কৰাৰ আমাৰ সামৰ্থ্যসহজ কৰিব। ধন্যবাদ! |