ভিজুৱেলএডিটৰ/বাৰ্তাপত্ৰ/২০১৫/অক্টোবৰ

This page is a translated version of the page VisualEditor/Newsletter/2015/October and the translation is 100% complete.

অন্য ভাষাত পঢ়কএই বহুভাষিক বাৰ্তাপত্ৰৰ গ্ৰাহক তালিকা

ভিজুৱেলএডিটৰ

আপুনি জানেনে?

ভিজুৱেলএডিটৰ স্মাৰ্টফ'ন আৰু টেবলেটতো ব্যৱহাৰ কৰিব পাৰি।

পৰ্দাচিত্ৰত ৱিকিপাঠৰ পৰা ভিজুৱেল এডিটৰলৈ সলনি কৰা ম্যেনুখন প্ৰদৰ্শন কৰা হৈছে।

কোনো পৃষ্ঠাৰ বাবে এডিটৰ খুলিবলৈ পেঞ্চিল আইকনত টিপক। তাৰ অন্তৰ্ভাগত, ওপৰৰ সোঁ কোণৰ গিয়েৰ মেনুৰ পৰা "Switch to visual editing" ব্যৱহাৰ কৰক।

আপুনি যোৱা সম্পাদনাত কি পৰিৱেশত সম্পাদনা কৰিছিল সেইটো সম্পাদনা বুটামে মনত পেলাই দিয়ে আৰু পৰৱৰ্তী সম্পাদনাত একেই পৰিৱেশ উপলব্ধ কৰাই। অহা মাহত এনেধৰণৰ একে প্ৰণালী ডেস্কটপ চাইটৰ বাবেও নিৰ্মান কৰা হ'ব।

আপুনি ব্যৱহাৰকৰ্তাৰ হাতপুথি পঢ়িব আৰু অনুবাদত সহায় কৰিব পাৰে, তাত ভিজুৱেল এডিটৰ ব্যৱহাৰ সম্বন্ধীয় অধিক তথ্য আছে।

যোৱা বাৰ্তাপত্ৰৰ পাছত, ভিজুৱেলএডিটৰ দলে বহু বাগ সমাধান আৰু কিছু ক্ষুদ্ৰ ডিজাইন সলনি কৰিলে। সাপ্তাহিক স্থিতিৰ বিৱৰণি মিডিয়াৱিকি.অৰ্গত দাখিল কৰা হৈছে। তেওঁলোকৰ কাৰ্যফলক ফেব্ৰিকেটৰত উপলব্ধ। তেওঁলোকৰ বৰ্তমান অগ্ৰাধিকাৰবোৰ হৈছে জাপানিজ আৰু আৰবিক আদি ভাষাৰ সামৰ্থতা উন্নীতকৰণ, ম'বাইলত সম্পাদনা সহজ কৰি তোলা, আৰু ফৰ্মূলা, চাৰ্ট, গেলেৰী আৰু আপল'ড আদিৰ বাবে ৰিচ-মিডিয়া সজুলি উপলব্ধ কৰোৱা।

শেহতীয়া উন্নতিবোৰ

শৈক্ষিক বৈশিষ্ট: আপুনি প্ৰথমবাৰ ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰোতে, আপোনাৰ মনোযোগ Link আৰু ⧼visualeditor-toolbar-cite-label⧽ সজুলিয়ে আকৰ্ষণ কৰে। এই সজুলিবোৰত টিপিলে, এইবোৰ কিয় ব্যৱহাৰ কৰা উচিত, ই তাক ব্যাখ্যা কৰে।(T108620) ইয়াৰোপৰি, অধিক আদৰণিয় সম্পাদনাৰ বাবে নতুন সদস্যৰ আদৰণি বাৰ্তাকো সৰলীকৃত কৰা হৈছে। (T112354) অধিক চফ্টৱেৰ-সন্নিবিষ্ট শৈক্ষিক বৈশিষ্টৰো পৰিকল্পনা কৰা হৈছে।

সংযোগ:  কেতিয়া কোনো সংযোগত পাঠ যোগ কৰা হয় আৰু কেতিয়া ইয়াৰ পাছত কোনো সৰল পাঠ লিখা হয়, সেইটো বৰ্তমান সহজে বোধগম্য হৈছে। (T74108T91285) বৰ্তমান এই এডিটৰত ISBN, PMID বা RFC নম্বৰবোৰ সম্পূৰ্ণৰূপে সমৰ্থন কৰে। (T109498, T110347, T63558) এই "যাদুকৰী সংযোগ"বোৰে এক কাষ্টম সংযোগ সম্পাদনা সজুলি ব্যৱহাৰ কৰে।

আপল'ড:  এতিয়া পঞ্জীভূত সদস্যই সম্পাদনাৰ সময়ত কমন্সত চিত্ৰ আপল'ড আৰু অন্য মিডিয়া আপল'ড কৰিব পাৰে। নতুন টেবত "Insert Images and media" সজুলিত টিপক। আপোনাৰ সম্পাদনা ব্যাহত নোহোৱাকৈ আপোনাক আপল'ড পক্ৰিয়াৰ সহায় আগবঢ়োৱা হ'ব। শেষত, চিত্ৰখন অন্তৰ্ভূক্ত কৰা হয়। এই সজুলিৰ দ্বাৰা সদস্যৰ নিজা আৰু কমন্স ষ্টেণ্ডাৰ্ড লাইচেঞ্চৰ অধীনত এবাৰত এখন চিত্ৰহে আপল'ড কৰিব পাৰি। অধিক জটিল পৰিস্থিতিত, এই সজুলি অধিক উন্নত আপল'ড সজুলিলৈ সংযোগ প্ৰদান কৰে। আপুনি এডিটৰলৈ চিত্ৰ দ্ৰাগ কৰিবও পাৰে। এই সুবিধা পিছলৈ ৱিকিপাঠ সম্পাদকতো উপলব্ধ হ'ব।

ম'বাইল:  পূৰ্বতে, কেৱল টেবলেটৰ ম'বাইল ৱিকিপিডিয়া ছাইটতহে ভিজুৱেল এডিটৰ উপলব্ধ আছিল। বৰ্তমান, সদস্যসকলে ইচ্ছা কৰিলে সকলো ডেভাইছৰ পৰা এডিটৰ ব্যৱহাৰ কৰিব পাৰে। (T85630) পূৰ্বতে ম'বাইল ৱেবছাইতত এডিট কনফ্লিক্টবোৰ ভগ্ন হৈ গৈছিল, এতিয়া ৱিকিপাঠ আৰু ভিজুৱেল এডিটৰ উভয়তে ইয়াৰ সংশোধন কৰা হৈছে। (T111894) কেতিয়াবা সাঁচ আৰু এনেধৰণৰ সমলবোৰ ম'বাইল ৱেবছাইটত বিলোপ কৰিব নোৱাৰি। কিছুমান ব্ৰাউজাৰত এইবোৰ চয়ন কৰিলে অনস্ক্ৰীন কীবৰ্ড লুকাই যায়। এতিয়া কীবৰ্ড লুকাই গ'লেও এইবোৰ বিলোপ কৰিবলৈ এটা নতুন "Delete" বুটাম দিয়া হৈছে। (T62110) এতিয়া আপুনি ম'বাইলৰ পৰা তালিকাৰ কোষবোৰো সম্পাদনা কৰিব পাৰে।

ৰিচ সম্পাদনা সজুলি:  ভিজুৱেল এডিটৰত এতিয়া আপুনি sheet music যোগ আৰু সম্পাদনা কৰিব পাৰিব।(T112925)  ইয়াত MIDI আৰু Ogg শ্ৰাব্য ফাইলৰ দৰে উন্নত বিকল্পৰ বাবে পৃথক টেব আছে। (T114227, T113354) সম্পাদনাৰ সময়ত ফৰ্মূলা আৰু অন্য ব্লক, ক্ৰুতি আদি প্ৰদৰ্শিত হয়। ইয়াত কিছু প্ৰকাৰৰ লেখ সম্পাদনা কৰিবও পাৰি; লতুনকৈ যোগ কৰা, আৰু নতুন প্ৰকাৰ সমৰ্থন কৰা আদিও উপলব্ধ কৰোৱা হ'ব।

ইংৰাজী ৱিকিপিডিয়াত একাউণ্ট সৃষ্টকৰা যিকোনো সদস্যৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভিজুৱেল এডিটৰ উপলব্ধ। পছন্দসমূহৰ চাবি Special:Preferencesৰ অন্তৰ্গত সাধাৰণ ঠাইলৈ স্থানান্তৰ কৰা হৈছিল।

ভৱিষ্যত পৰিবৰ্তন

সম্পাদনা আৰম্ভ কৰাৰ পাছত অতি সোনকালে আপুনি ৱিকিপাঠৰ পৰা ভিজুৱেল এডিটৰলৈ সলনি কৰিব পাৰিব। (T49779) পূৰ্বতে, কেৱল ভিজুৱেল এডিটৰৰ পৰাহে ৱিকিপাঠলৈ সলনি কৰিব পৰা গৈছিল। উভয়-দিশলৈ সলনি কৰিব পৰা হোৱা বাবে একক সম্পাদনা টেব সম্ভৱপৰ হৈছে। (T102398) এই প্ৰকল্পই "Edit" আৰু "Edit source" টেবক একমাত্ৰ "Edit" টেবত একেলগে ৰাখিছে, ম'বাইল ৱেবছাইটত ব্যৱহাৰ কৰাৰ দৰে। "Edit" টেবটো আপুনি পূৰ্ৱতে কৰা সম্পাদনাৰ পৰিৱেশত খোল খায়।

আহক একেলগে কাম কৰোঁ

যদিহে আপুনি আপোনাৰ প্ৰিয় ভাষাত এই বাৰ্তা পঢ়ি থকা নাই, তেন্তে আমাক অনুবাদ কৰাত সহায় কৰক! অনুবাদকৰ ডাক তালিকাৰ গ্ৰাহকভূক্ত হওক বা পোনপতীয়াকৈ আমাৰ লগত যোগাযোগ কৰক, যাতে পৰৱৰ্তী সময়ত আমি আপোনাক সূচিত কৰিব পাৰোঁ। ধন্যবাদ!