Indic Wikisource Proofreadthon August 2021/Messsage/As

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ edit

 

Dear Indic Wikisource Proofreadthon August 2021/Messsage,

সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি [[অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/ সময়সূচী: ১৫ আগষ্ট ২০২১, ০০.০১ৰ পৰা ৩১ আগষ্ট ২০২১, ২৩.৫৯লৈকে (ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K